নিউজ ডেস্ক,২৮ অক্টোবৰঃ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক GMCHত পুনৰ ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে বুকুৰ বিষত আক্ৰান্ত হোৱা বাবে বিধায়কজন চিকিত্সালয়লৈ নিয়া হৈছে। চিকিৎসকৰ পৰামৰ্শ মৰ্মে ভৰ্তি কৰোৱা হৈছে GMCH ত। জেলত থকাৰ সময়ৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈছিল অখিল গগৈ।
উল্লেখ্য যে,২৬ অক্টোবৰত দিল্লীত হঠাতে অসুস্থ হৈ পৰাত তেওঁক ততাতৈয়াকৈ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পিছত স্বাস্থ্যৰ উন্নতি হোৱাত তেওঁ ঘৰলৈ ঘূৰি আহিছিল। কিন্তু আজি আকৌ অসুস্থ হৈ পৰাত GMCH ত ভৰ্তি কৰা হৈছে বিধায়কজনক।