দুৰ্ঘটনাগ্ৰস্ত কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ বাহন, আহত শিল্পীগৰাকী

Share

দুৰ্ঘটনাত পতিত জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বাহন খনে। নিশা শিৱসাগৰৰ দিখৌ দলঙৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ বাহন। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছিল শিল্পীগৰাকী। সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে গছত খুন্দাই।ফলত গুৰুতৰ ভাবে আহত হয় জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা।আঘাত প্ৰাপ্ত শিল্পীগৰাকীকস্হানীয় ৰাইজৰ সহযোগত, ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিতসালয়ত ভৰ্তি কৰোৱা হয়। শিল্পী গৰাকী বৰ্তমান চিকিতসালয়ৰ জৰুৰী কক্ষত চিকিতসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *