বন্যাৰ্তৰ কাষত কন্ঠশিল্পী দীপলীনা ডেকা, বিতৰণ কৰিলে সাহায্য সামগ্ৰী

Share

ৰাজ্যৰ এনে ভয়াবহ বান পৰিস্থিতিত আৰ্তজনৰ সহায়ৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। তাৰ লগতে বন্যাৰ্তৰ সহায়ৰ বাবে ওলাই আহিছে বিভিন্ন জন। নিজৰ সামৰ্থ অনুযায়ী সকলোৱে গৃহহাৰা, ভোকাতুৰজনক কিবা অলপ সহায় কৰিবলৈ চেষ্টা কৰিছে।

জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাইও বন্যাৰ্তৰ কাষত থিয় দি নিজৰ সামৰ্থ অনুযায়ী অকণমান সাহায্য প্ৰদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। গায়িকাগৰাকীয়ে ৰঙিয়াৰ বালাগাঁও অঞ্চলত বন্ধুবান্ধৱী সহিতে উপস্থিত হৈ ২০০টা বানাক্ৰান্ত পৰিয়ালক সাহায্য বিতৰণ কৰে।

ৰাজ্যজুৰি এতিয়া বানৰ সংহাৰ। বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও। বানৰ কবলত পৰি গৃহহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল। আশ্ৰয় শিৱিৰত এমুঠি ভাত, এটুকুৰা কাপোৰৰ অপেক্ষাত হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ বন্যাৰ্তই।

অঞ্চলটোত উপস্থিত হৈ দীপলীনা ডেকাই বন্যাৰ্তৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ এই ভয়াবহ পৰিস্থিতিৰ সমভাগী হোৱাৰ লগতে সামৰ্থ অনুযায়ী চাউল, দাইল, গাখীৰ আদি সাহায্য সামগ্ৰী বিতৰণ কৰে।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে টিভিত চাই থাকিলেই নহয়, বন্যাৰ্তৰ সহায়ৰ বাবে সামৰ্থজন ওলাই আহিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *