ৰহস্যজনক ভাৱে উদ্ধাৰ SI জোনমণি ৰাভাৰ দুটাকৈ মোবাইল ফোন

Share

১৪২ দিনৰ মূৰত ৰহস্যজনক ভাৱে জোনমণি ৰাভাৰ বাহনৰ পৰা উদ্ধাৰ হ’ল মোবাইল ফোন।কলিয়াবৰত চি বি আই দল উপস্থিতিত হৈ জোনমণি ৰাভাৰ বাহনৰ পৰা উদ্ধাৰ কৰে দুটাকৈ মোবাইল ফোন।জোনমণি ৰাভাৰ মাতৃয়ে জোনমণি ৰাভাৰ হেৰোৱা মোবাইল ফোনটো বিচাৰিবলৈ বাৰম্বাৰ অভিযোগ দিছিল আৰক্ষীৰ ওচৰত,কিন্ত আৰক্ষীয়ে এই বিষয়ত কোনো গুৰুত্ব দিয়া নাছিল।এতিয়া কেনেকৈ উদ্ধাৰ হ’ল জোনমণি ৰাভাৰ দুটাকৈ মোবাইল ফোন তাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উথাপন হৈছে।

              উল্লেখযোগ্য যে,১৫ মে’ৰ পুৱতি নিশা জোনমণি ৰাভাৰ বাহন আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত মুখামুখি সৰ্ঘশ সৃষ্টি হোৱাৰ ফলত জোনমণি ৰাভা মৃত্যুমুখত পৰিছিল।আজি চি বি আই দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পুনৰ দুখন বাহন অনুসন্ধান কৰে।আনহাতে স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত তদন্ত চলোৱাৰ পাছতে জখলাবন্ধা থানাত তদন্তকাৰী দলটো উপস্থিত হৈ জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনো তন্নতন্নকৈ পৰীক্ষা কৰে।আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰু তাৰ পাছতো জোনমণি ৰাভাৰ হেৰোৱা মোবাইল ফোন দুটা উদ্ধাৰ হোৱা নাছিল।ইতিমধ্যে চি বি আইৰ দলে পাঁচবাৰ দুৰ্ঘটনাস্থলীত আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখন তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছতো হেৰোৱা মোবাইল ফোন দুটা উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাছিল।

             শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতিয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘বেটী বচাও,বেটী পঢ়াও’ শ্ল’গান দি থকা চৰকাৰখনে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ সন্দেহজনক মৃত্যুৰ কাৰণে চাৰে চাৰি মাহে তদন্ত কৰিও উলিয়াব নোৱাৰাটো চৰম পৰিতাপৰ বিষয়।আনহাতে মহা সমাৰোহেৰে অসম আৰক্ষী দিৱস পালন কৰা মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা বিভাগটোৱে বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিব নোৱাৰিলে এনে সমাৰোহৰ মূল্য ক’ত থাকিব বুলি স্থানীয় লোকে প্ৰশ্ন কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *