নিউজ ডেস্ক, ১৬ আগষ্টঃ পুনৰ খাকী পোছাকত দোখা গ’ল বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভাক । সোমবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দীৰ্ঘদিনৰ পিছত আৰক্ষীৰ পোছাকত দেখা পোৱা গ’ল বিতৰ্কিত এছ আই গৰাকীক ।
শেহতীয়াভাৱে, ভাৱীস্বামী ৰাণা পগাগৰ সৈতে প্ৰৱঞ্চনা কৰা অভিযুক্ত জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চাকৰিৰ পৰাও নিলম্বন কৰা হৈছিল । কিন্তু জামিনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই পুনৰ চাকৰিত যোগদান কৰিছে এছ আই জোনমণি ৰাভাই ।
নগাঁৱতে পুনৰ যোগদানৰ সুযোগ লাভ কৰা জোনমণি ৰাভাক সোমবাৰে দেখা পোৱা গ’ল নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰ্তব্য সম্পাদনা কৰা । পুনৰ খাকী পোছাকত জনমানসৰ চকুত পৰা জোনমণি ৰাভাক লৈ চলিছে এতিয়া সৰ্বত্ৰ চৰ্চা ।