সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰিছে ৰিয়ানৰ সাফল্যক লৈ ৷ কিন্তু ৰিয়ান পৰাগৰ সমান্তৰালকৈ চৰ্চা হৈছে আন এজন অসম সন্তানৰ ৷ টি-২০ বিশ্বকাপৰ অন্তৰ্গত ৫ খনীয়া টি-২০ৰ এখন ছিৰিজ অনুস্থিত হ’ব জিম্বাবৱেত। আৰু এই ৫ খনীয়া টি-২০ ছিৰিজত ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে শুভদ্বীপ ঘোষে ৷ তেওঁ দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছে । অসমৰ হৈ ১৭ খন ৰঞ্জি ট্ৰফী মেছ খেলিছে শুভদ্বীপ ঘোষে। সম্প্ৰতি দিল্লী কেপিটেল্ছৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছে শুভদ্বীপ ঘোষ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰো ফিল্ডিং প্ৰশিক্ষক আছিল। ১৯৬৮ চনৰ ১৩ নৱেম্বৰত ডিগবৈত জন্মগ্ৰহণ কৰা শুভদ্বীপ ঘোষে বৰ্তমান এন এফ ৰে’লৱেত কৰ্মৰত। ৰিয়ানৰ লগতে শুভদ্বীপক লৈও গৌৰৱান্বিত অসমবাসী।