বেদখলমুক্ত হ’ল শিৱসাগৰ চৰাইদেউ চুকাফা মৈদাম

Share

অৱশেষত বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম। বেদখল  উচ্ছেদ কৰিলে প্ৰশাসনে।চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ চিন্তা-চৰ্চা কৰা বুলি মন্তব্য সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।বহুদিন ধৰি পুৰণি বৰ অসমৰ স্বৰ্গদেউ চুকাফাৰ মৈদামটো বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে জিলা প্ৰশাসনে।২০১৫ চনত বিভিন্ন আহোম পুথি, বুৰঞ্জীবিদ আৰু টাই আহোমসকলৰ তথ্যৰ  ভিত্তিত চুকাফাই উপাসনা কৰা লাংকুৰী দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত চাৰিটা মৈদাম উদ্ধাৰ কৰা হয়।

প্ৰথমটো চাওলুং চুকাফাৰ আৰু আন কেইটা হৈছে চুটেউফা,চুবিনফা আৰু চুখামফাৰ মৈদাম বুলি বিশ্বাস কৰে বুৰঞ্জীবিদসকলে।

উল্লেখযোগ্য যে ২০১৫ চনতে উদ্ধাৰ কৰা পাছতো মৈদামবোৰক চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাছিল।ইয়াৰ ফলত মৈদামৰ মাটি বেদখল কৰি একাংশ লোকে ঘৰ সাজি বাস কৰাৰ লগতে চাহ বাগিচাৰ স্থাপন কৰাৰ অভিযোগ দিছিল।ইয়াৰ জৰিয়তে মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে মৈদাম সংৰক্ষণৰ দাবী কৰিছিল বিভিন্ন দল সংগঠনে।

সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সহায়ত মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে সম্প্ৰতি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে।    

Leave a Reply

Your email address will not be published. Required fields are marked *