শৰণীয়া কছাৰীসকলে নাপাব অনুসূচীত জনজাতিৰ মৰ্যাদা

Share

শৰণীয়া কছাৰীসকলে নাপাব অনুসূচীত জনজাতিৰ মৰ্যাদা । ২৮ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে  শৰণীয়া কছাৰীসকলক অনুসূচীত জনজাতিৰ প্ৰদানৰ পূৰ্বৰ নিৰ্দেশনা  প্ৰত্যাহাৰ কৰে । লগতে সদৌ  অসম ট্ৰাইবেল সংঘয়ো অনুসূচীত জনজাতিৰ প্ৰমাণপত্ৰ দিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিছে । প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত কেৱল ট্ৰাইবেল সংঘই প্ৰাথমিক অনুসন্ধানৰ প্ৰতিবেদনহে দিব পাৰিব । 

এই সন্দৰ্ভত ২০১৮ চনৰ ৯ ফ্ৰেব্ৰুৱাৰীত জনজাতি পৰিক্ৰমা বিভাগে ২৫৮০\২০১৪ নম্বৰৰ গোচৰৰ নিৰ্দেশ মৰ্মে শৰণীয়া কছাৰীলোকসকলক অনুসূচীত জনজাতি প্ৰমাণ পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তৰ লগতে ২০০৯ চনৰ ২২ জুনত উচ্চ ন্যায়ালয়ত কালবাৰী শিক্ষিত নিবনুৱা যুৱ সমাজে ৩০\২০১৯ নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিছিল। 

২০১৮ চনৰ ৫ জুনত শৰণীয়া কছাৰীসকলক অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা বুলি জনজাতি পৰিক্ৰমা বিভাগৰ সচিবে আদালতত অৱগত কৰে।  এই সন্দৰ্ভত অসম চৰকাৰে যদি বিছাৰে সাংবিধানিক বিধি-ব্যৱস্থাৰ অধীনত শৰণীয়া কছাৰী সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা হাতত লব পাৰিব বুলি ন্যায়ালয়ে স্পষ্ট কৰে।  

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *