শ্বাহৰুখ খানৰ “পাঠান” ছবিখনে মুক্তিৰ পূৰ্বে অভিলেষ সূষ্টি কৰিছে অসমত

Share

শ্বাহৰুখ খানৰ “পাঠান” ছবিখনক লৈ বৰ্তমান দেশজুৰি  চৰ্চা অব্যাহত। মুক্তিৰ পূৰ্বে বিতৰ্কৰ লগতে যথেষ্ট চৰ্চা লাভ কৰিছে   “পাঠান” ছবিখনে। ছবিখনৰ মুক্তিৰ বাবে মাজত মাথোঁ এটা দিন বাকী। ২৫ জানুৱাৰী তাৰিখে ছবিখনে মুক্তি লাভ কৰিব। ইতিমধ্য়ে টিকটসমূহ ছবিখনৰ মুক্তিৰ পূৰ্বে অনলাইন বিক্ৰীৰ বাবে দেশজুৰি  মুকলি কৰি দিয়া হৈছে। 

যদিও অসমত “পাঠান” ছবিখনক লৈ বহু বিৰ্তকৰ সৃষ্টি হৈ আছে তথাপিও অনলাইন টিকট মুকলি কৰি দিয়াৰ লগে লগে অসমত ইয়াৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছে। ইতিমধ্য়ে অসমত আগতীয়াকৈ প্ৰায় ৪০ লাখ টকাৰ টিকট বিক্ৰী হোৱা বুলি দাবী কৰিছে সদৌ অসম চিনেমা হল মালিক সন্থাই। 

অৱশ্যে ২৫০ কোটি  টকাৰ ব্যায় কৰি নিৰ্মাণ কৰা ছবিখনে প্ৰায় ৬০০ কোটি টকাৰ ব্য়ৱসায় কৰিব বুলি আশা কৰিছে নিৰ্মাতাসকলে। 

Leave a Reply

Your email address will not be published. Required fields are marked *