হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনঃভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

Share

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ-ৰূপত পৰিল হিমাচল প্ৰদেশ।আজিৰে পৰা পৰৱৰ্তী দুদিনৰ বাবে হিমাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।যাৰ বাবে আই এম ডিয়ে ৰেড এলাৰ্ট জাৰি কৰিছে।

আজি হিমাচল প্ৰদেশৰ কুল্লু জিলাত হোৱা বৃহৎভূমিস্খলনৰ ফলত সেই স্থানত বাস কৰা লোকসকললৈ নামি আহিছে বিপৰ্যয়।বাজ্যখনৰ কেইবাখনো ঠাইত নিৰন্তৰ বৰষুণ হৈ আছিল,যাৰ বাবে সেই ঠাইত বাস কৰা লোকসকলে যথেষ্ট বিপদৰ সন্মুখীন হৈছে।এই ভূমিস্খলনৰ ফলত ঘৰ-বাৰী ধ্বংস হোৱাৰ লগতে ৰাস্তা-ঘাটসমূহতো ফাঁট মেলিছে,যাৰ বাবে ক্ষতিগ্ৰস্ত কুল্লু-মাণ্ডি ঘাইপথত শ শ যান-বাহন আৱদ্ধ হৈ পৰিছে। সেয়েহে,যান-বাহনৰ চলাচল বৰ্তমানৰ বাবে বন্ধ কৰি ৰখা হৈছে।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত ২,০২২ টা ঘৰ ধ্বংসাস্তূপত পৰিণত হৈছে আৰু ৯,৬১৫ টা আংশিকভাৱে ধ্বংস হৈছে।২৪ ঘণ্টাত ডাৱৰ বিস্ফোৰণৰ ফলত ১২ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে।

বতৰ বিজ্ঞান বিভাগে বুধবাৰে এক ৰেড এলাৰ্ট জাৰি কৰি কয় যে,ৰাজ্যখনৰ ১২ জিলাৰ ভিতৰত ছয়খনত অত্যাধিক ধাৰাষাৰ বৰষুণ আৰু পৰৰ্ৱতী ২৪ ঘণ্টাত কিছুমান ঠাইত বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ২৪ জুনৰ পৰা হিমাচল প্ৰদেশত বাৰিষা আৰম্ভ হোৱাৰ পিছত মুঠ ২৩৮ জন লোকৰ মৃত্য়ু হৈছে আৰু ৪০ জন এতিয়াও সন্ধানহীন হৈ আছে।উল্লেখ্য যে এইবাৰ বাৰিষাৰ ফলত হিমাচল প্ৰদেশত যথেষ্ট ক্ষতিসাধন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *