ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি

Share

ক্ৰমাৎ জটিল অৱস্থালৈ গতি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি। চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত মৃত্যু হৈছে এটা গঁড় পোৱালিকে ধৰি সাতটাকৈ বন্যপ্ৰাণীৰ৷ বাঢ়নী পানীত বুৰ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় পোৱালিৰ মৃত্যু হোৱাৰ বিপৰীতে পানীত ডুবি মৃত্যু হৈছে দুটা হৰিণাৰ ৷

বান পৰিস্থিতিৰ বুজ লবলৈ মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক, বন সংমণ্ডল বিষয়াৰ উপৰিও ৰাজ্যখনৰ বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হয়। মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ কাজিৰঙাৰ বাগৰিত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক কয়, ‘‘বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আমি কাম কৰি আছো ৷ কাৰ্বি পাহাৰৰ দিশত আশ্ৰয় লোৱা বন্যপ্ৰাণী যাতে বানৰ পিচত সুকলমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিব পাৰে তাৰ বাবেও আমি প্ৰচেষ্টা হাতত লৈছো ৷’’ লগতে কাজিৰঙাৰ বান পৰিস্থিতি সন্দৰ্ভত উদ্যানৰ বাগৰি বনাঞ্চলত বনবিভাগ, আৰক্ষী, প্ৰশাসনৰ সৈতে এক সভাত মিলিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে বানৰ ফলত এটা গঁড়ৰ পোৱালিৰ মৃত্যু ঘটাৰ বিপৰীতে দুটাকৈ পহু পথ অতিক্ৰম কৰাৰ চেষ্টা কৰোতে মৃত্যু হৈছে ৷ তদুপৰি  , আগন্তক দুদিনৰ ভিতৰত কাজিৰঙাত পানী কমাৰ সম্ভাৱনা থকাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *