গুৱাহাটী,৩১ জানুৱাৰীঃঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ১৪.৬৭ কোটি টকা বাজেটত লৈ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিবলৈ সাজু হৈছে।১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ লাল গণেশত ৰাতিপুৱা ৯ বজাত অনুষ্ঠিত হ’ব এই প্ৰকল্পৰ কাৰ্যসূচী।মাইক্ৰ’বলগিং ছাইট ‘এক্স’লৈ চিএমঅ’ কাৰ্যালয় অসমে উল্লেখ কৰে যে এইচচিএম ডাঃ গুৱাহাটী পৌৰ নিগমৰ অধীনত ১৪.৬৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৩১টা কমিউনিটি হল, ২৪টা ৰাজহুৱা শৌচগাৰ আৰু ১৯টা সমাধিস্থলী গুৱাহাটীবাসীৰ বাবে উ९সৰ্গা কৰিব।