আপলৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মৰ্যাদা, স্বীকৃতি হেৰুৱালে কেইবাটাও ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় মৰ্যাদা

Share

ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰিলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী বা আপে। সোমবাৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে আম আদমী পাৰ্টীক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে ঘোষণা কৰে। 

যোৱা সপ্তাহত কৰ্ণাটক উচ্চ ন্যায়ালয়ে ১৩ এপ্ৰিলৰ ভিতৰত আপক ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰি উপযুক্ত জাননী জাৰি কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। 

ইয়াৰ বিপৰীতে, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল (এন চি পি) আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টী (চি পি আই)ৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা কৰ্তন কৰিলে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে ২০১৯ চনৰ জুলাই মাহত তিনিওটা ৰাষ্ট্ৰীয় দললৈ জাননী জাৰি কৰি দলকেইটাৰ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি কিয় বাতিল কৰা নহ’ব, তাৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিছিল। 

উল্লেখযোগ্য যে, আপে নিৰ্বাচনী প্ৰতীক (সংৰক্ষণ আৰু আৰু আবন্টন) নিৰ্দেশ, ১৯৬৮৮ ৰ ৬ (খ) পেৰাগ্ৰাফৰ চৰ্ত অনুসৰি, ৪ বা ততোধিক ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত দল বুলি বিবেচিত হৈছে। আপ বৰ্তমান বৃহৎ হাৰৰ ভোট লাভেৰে দিল্লী আৰু পঞ্জাৱৰ শাসনত আছে। গোৱা বিধানসভাৰ নিৰ্বাচনতো দলটোৱে ৬.৭৭ শতাংশ ভোট লাভ কৰিছিল। তদুপৰি শেহতীয়াকৈ গুজৰাট বিধানসভা নিৰ্বাচনতো ৫ খন আসন লাভ কৰিছিল দলটোৱে। 

Leave a Reply

Your email address will not be published. Required fields are marked *