হায়দৰাবাদত দেৱাল খহি শিশুসহ সাতজন লোকৰ মৃত্যু

Share

নেৰানেপেৰা বৰষুণৰ ফলত বিধ্বংসী তেলেংগানা।মঙলবাৰে সন্ধিয়া নেৰানেপেৰা বৰষুণৰ মাজতে হায়দৰাবাদৰ বাচুপল্লী অঞ্চলৰ ৰেণুকা এলাম্মা কলনীত এটা নিৰ্মাণ কাৰ্য চলি থকা এপাৰ্টমেণ্টৰ দেৱাল খহি পৰাৰ ফলত এটা চাৰি বছৰীয়া শিশুসহ সাতজন লোক নিহত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াৰ পিছতে আৰক্ষী আৰু প্ৰশাসন বিষয়াসকলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। খবৰ অনুসৰি নিশাৰ পৰা চলোৱা উদ্ধাৰ অভিযানৰ কাম বুধবাৰে পুৱালৈকে অব্যাহত আছে। আৰক্ষীয়ে জনোৱা অুনসৰি নিহতসকল উৰিষ্যা আৰু ছত্তীশগড়ৰ প্ৰব্ৰজনকাৰী শ্ৰমিক আছিল।তেলেংগানাৰ কেইবাটাও ঠাইত মঙলবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে যাৰ ফলত ৰাজ্যজুৰি পানী জমা হৈ যাতায়ত ব্যৱস্থা অচল হৈ পৰিছে।বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ বিষয়াসকলে জনোৱা অনুসৰি পানীৰ স্থবিৰতা আৰু পৰি যোৱা গছ-গছনিবোৰ পৰিষ্কাৰ কৰাত সহায় কৰিবলৈ চহৰখনত দুৰ্যোগ সাহায্য বাহিনীৰ দল মোতায়েন কৰা হৈছে।ইয়াৰ পিছতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তেলেংগানাত হালধীয়া সতৰ্কতা জাৰি কৰে যিয়ে ৰাজ্যখনত মধ্যমীয়াৰ পৰা পাতল বৰষুণৰ হোৱাৰ সম্ভাৱনাক সূচায়।

Leave a Reply

Your email address will not be published. Required fields are marked *