ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন

Share

গুৱাহাটী,৯ ছেপ্টেম্বৰঃঅসম চৰকাৰৰ দ্বাৰা নিয়োজিত কিছুদিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা চৰকাৰে নিকা হোৱা বুলি দাবী কৰাৰ মাজতে ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে টুইটাৰৰ জৰিয়তে এই পৰীক্ষাত টকাৰ লেন থাকি ৩ লাখৰ পৰা ৮ লাখলৈ বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে,টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী কাৰ্যালয়, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক উদ্দেশি কৰা টুইটত উল্লেখ কৰা হৈছে যে চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ৩ লাখৰ পৰা আৰম্ভ হোৱাৰ লগতে তৃতীয় বৰ্গৰ পদ সমূহৰ বাবে ৮ লাখ টকা পৰ্যন্ত বিক্ৰী কৰা হৈছে।
তদুপৰি এই উক্ত সন্দৰ্ভত জি পি সিঙে উপযুক্ত তথ্য প্ৰমাণ বিচাৰাৰ লগতে এই অভিযোগ সত্য নে অসত্য সেয়া তদন্তৰ অন্তত হে পোহৰলৈ আহিব বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *