মুখ্যমন্ত্ৰীলৈ শাসকীয় দলৰ জেষ্ঠ বিধায়ক অতুল বৰাৰ বিশেষ পত্ৰ প্ৰেৰণ

Share
যোৱা ১৪এপ্ৰিলত ১১ হেজাৰো অধিক বিহুৱা-বিহুৱতীৰে সৰুসজাইত বিশ্ব অভিলেখ গঢ়াৰ পিছত চৰকাৰৰ লক্ষ্য এইবাৰ দেশৰ ৰাজধানী। নতুন পৰিকল্পনাৰে ২৫ হেজাৰ বিহুৱা-বিহুৱতী লৈ নতুন দিল্লীত বিহু প্ৰৰ্দশন কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক সভাত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 
মুখ্যমন্ত্ৰীৰ এনে ঘোষণা কৰাৰ পিছত শাসকীয় দলৰ জেষ্ঠ বিধায়ক অতুল বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।যি সময়ত শাসকীয় বিজেপি বিধায়কসকলৰ গৰিষ্ঠসংখ্যকেই ৰাজ্য চৰকাৰৰ সিদ্ধান্তত একমত হোৱা দেখা গৈছে তেনে সময়তে শাসকীয় দলৰ বিধায়ক অতুল বৰাই এই সিদ্ধান্তৰ বিৰোধীতা কৰিছে। বিধায়ক অতুল বৰাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে, ১১ হেজাৰ বিহুৱা-বিহুৱতীক লৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ নামত চৰকাৰে কোটি টকা শৰাধ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত পুনৰ দিল্লীত বিহু নৃত্য প্ৰদৰ্শনৰ নামত ৰাজকোষৰ ধনৰ অপচয় বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে বিধায়ক অতুল বৰাই। অনাগত দিনত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি প্ৰকাশ কৰিব সেয়া হ’ব লক্ষ্যণীয় বিষয়।  

Leave a Reply

Your email address will not be published. Required fields are marked *