অসম-মেঘালয় সীমান্তৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা ১৫ আগষ্টৰ পিছত অনুষ্ঠিত কৰা হবঃ কনৰাড কে চাংমা

Share

ডিজিটেল ডেস্কঃ অসম-মেঘালয় সীমান্ত দ্বিতীয় পৰ্যায়ৰ আলেচনাৰ প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম আৰু মেঘালয় চৰকাৰে। যোৱা সপ্তাহত নীতি আয়োগৰ বৈঠকৰ সময়ত নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অসম-মেঘালয় সীমান্তৰ সন্দৰ্ভত এক বিতং আলোচনা কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পিছত মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যম যোগে কয় যে তেওঁৰ চৰকাৰে অহা ১৫ আগষ্টৰ পিছত আন্তঃৰাজ্যিক সীমান্তত বাকী ছয়টা বিবাদৰ ক্ষেত্ৰ সমাধানৰ বাবে অসমৰ সৈতে আলোচনা কৰিব। লগতে তেওঁ কয় যে স্বাধীনতা দিৱসৰ পিছত সীমান্ত আলেচনাৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰথম বৈঠক গুৱাহাটীত অনুষ্ঠিত কৰিব আৰু অসম -মেঘালয় সীমান্ত বিবাদৰ ক্ষেত্ৰ সমাধানৰ বাবে অসমৰ সৈতে আলেচনা কৰিব।উল্লেখ্য যে দুয়োখন ৰাজ্যই  সীমান্ত বিবাদৰ সমাধান বিছাৰি উলিয়াব বুলি আশ্বাস দিয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই।

Leave a Reply

Your email address will not be published. Required fields are marked *