ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন এণ্ড মিডিয়া ষ্টাডিছৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দীক্ষান্ত সমাৰোহ সম্পন্ন

Share

৪ জানুৱাৰী বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষগৃহত জু- ৰোড তিনিআলি কৃপাসিদ্ধু পথত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ সংবাদিকতাৰ শিক্ষানুষ্ঠান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন এণ্ড মিডিয়া ষ্টাডিছৰ দ্বিতীয় বৰ্ষপূতি উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে এই বৰ্ষপুতি অনুষ্ঠানটো আয়োজন কৰা হয়। এই বৰ্ষপুতি অনুষ্ঠানত এখনি সংবাদিকতাৰ কৰ্মশাল আয়োজন কৰা হয়। এই কৰ্মশালত কেইবাখনো শিক্ষানুষ্ঠানৰ পৰা ১০০ জনৰো অধিক শিক্ষাৰ্থী উপস্থিত থাকে। কৰ্মশালখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, বিশিষ্ট সাংবাদিক তথা অধিবক্তা দীপক শৰ্মা । আনহাতে, দিনৰ ২ বজাত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে Member of youth commissioner মিতা নাথ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক চন্দন কুমাৰ গোস্বামী, Civil services achievers point ৰ সঞ্চালক ৰাজদ্বীপ লেখাৰু । তিনিওগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষাৰ্থীৰ আগত বহুমূলীয় ভাষণ প্ৰদান কৰে। ইয়াৰ লগতে তেখেত সকলৰ দ্বাৰাই প্ৰাক্তন শিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়। আনহাতে, ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন এণ্ড মিডিয়া ষ্টাডিছৰ মুখ্য সঞ্চালক মুন তালুকদাৰে এই অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ যে, বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *