SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেলৰ সন্দৰ্ভত ‘ছেবা’ ৰ টুলুঙা 

Share
গুৱাহাটী, ২৬ এপ্ৰিলঃ কটকটীয়া নিৰীক্ষণ মাজেৰে দেওবাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। তাৰ পাছতে সামাজিক মাধ্যমত প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিল৷ কঠোৰ নিৰীক্ষণৰ চলোৱা পাছতো কিদৰে প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হ’ল সেই বিষয়টোৱে নিৰীক্ষণকাৰী ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। এই ঘটনা সন্দৰ্ভত জড়িতৰ সন্দেহত কামপুৰ আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে৷ এই আটক কৰা যুৱকজন নাম চাংচকীৰ পিণ্টু গোঁহাই বুলি জানিব পৰা গৈছে। যুৱকজনক আটক কৰাৰ পাছত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কিছু প্ৰশ্ন অব্যাহত ৰাখিছে। পিছত যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা এই প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিছিল বুলি সদৰি কৰে৷ উল্লেখযোগ্য অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দ্বায়িত্ব দিছিল অসম মাধ্যমিক শিক্ষা সংসদক(ছেবা)৷কিন্তু প্ৰশ্নকাকত ভাইৰেলৰ সন্দৰ্ভত পুনৰ বিৰ্তকৰ মাজত সোমাই পৰিল ছেবা৷ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা৷
এই সন্দৰ্ভত ছেবা কৰ্তৃপক্ষই কয়,”কোনো ন্যস্ত স্বাৰ্থ মহলে উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে।লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত সামাজিক মাধ্যমত প্ৰশ্ন কাকত ভাইৰেল হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে ইয়াৰ বাবে পৰীক্ষাৰ্থী বিভ্ৰান্ত হ’ব নালাগে।”

Leave a Reply

Your email address will not be published. Required fields are marked *