উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী-৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰক বিতৰণ কৰিব স্কুটী

Share
নিউজ ডেস্ক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক উৎসাহ জনোৱাৰ লক্ষ্যৰে আৰু ফিক্সড পে’ ত কাৰ্যনিৰ্বাহ কৰি থকা সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধিৰ অনুমোদনেৰে আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত মাধ্যমিকত উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক স্কুটী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উচ্চতৰ মাধ্যমিকৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৬,০৫২ জন ছাত্ৰক প্ৰদান কৰা হব স্কুটী। কেবিনেট বৈঠকত বিস্তৃত ভাৱে এই কথা সদৰি কৰে ডা: ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই ।
কেবিনেটত জাতিগত প্ৰমাণ পত্ৰ জাৰিকৰণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ভৈয়ামত বসবাস কৰা কাৰ্বিসকলে অনুসূচিত জনজাতিৰ প্ৰমাণ পত্ৰ লাভ কৰিব। কেবিনেটে ৰাজ্য চৰকাৰৰ অৰ্থনীতি, শৈক্ষিক আৰু নিযুক্তি লাভৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মিছন ভূমিপুত্ৰৰ অধীনত অনুসূচিত জাতি জনজাতিৰ আৰু অন্যান্য পিছপৰা শ্ৰেণী প্ৰমাণ পত্ৰ উপায়ুক্তৰ দ্বাৰা অনলাইন যোগে যোগ্য সকলক জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ সিদ্ধান্ত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *