তীব্ৰ শীতৰ বাবে পাটনাত অষ্টম শ্ৰেণীলৈকে বিদ্যালয়সমূহ ৭ জানুৱাৰীলৈ থাকিব বন্ধ

Share

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। তীব্ৰ ঠাণ্ডা আৰু ঘন কুঁৱলীৰ বাবে বিভিন্ন অঞ্চলৰ মাজত ৰে’ল-উৰাজাহাজ কিছুমানৰ চলাচল ব্যাহত থকাৰ সমান্তৰালকৈ বিহাৰৰ ৰাজধানী পাটনাৰ বিদ্যালয়সমূহ ৭ জানুৱাৰীলৈ বন্ধ ঘোষণা কৰা হৈছে। পাটনাৰ জিলা দণ্ডাধীশ চন্দ্ৰ শেখৰ সিঙে দেওবাৰে শীতৰ প্ৰকোপৰ বাবে নাৰ্ছাৰীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাটনাৰ সকলো ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়সমূহ ৭ জানুৱাৰীলৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। যিহেতু ৮ জানুৱাৰীত দেওবাৰ পৰিছে, সেয়েহে বিদ্যালয়সমূহ ৯ জানুৱাৰীতহে খুলাৰ সম্ভাৱনা আছে।

সমগ্ৰ পাটনা জিলাতে কাৰ্যকৰী হ’ব এই নিৰ্দেশ। দণ্ডাধীশজনে কয়, “জিলাখনৰ ঠাণ্ডা বতৰ আৰু বিশেষকৈ পুৱাৰ নিম্ন উষ্ণতাৰ বাবে শিশুসকলৰ স্বাস্থ্য আৰু জীৱন বিপদত বৰিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *