১৯ অক্টোবৰৰ পৰা খুলিব বিদ্যালয় ,মহাবিদ্যালয়, ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিতি বাধ্যতামূলক নহয়   

Share
   শোভাশ্ৰী বাৰিক,২৯ছেপ্টেম্বৰঃভিডৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয় সমূহৰ পাঠদান আগন্তুক ১৯অক্টোবৰৰ  পৰা পুনৰ আৰম্ভ হব বুলি ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে উল্লেখ কৰিছে।১৯অক্টোবৰ ৰ পৰা ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম  শ্ৰেনীলৈ সপ্তাহত তিনিদিন কৈ পাঠদান অনুষ্ঠিত হব।প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম,বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান মঙ্গল বাৰ, বৃহস্পতি বাৰ আৰু শনিবাৰে হব।প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে পাঠদানৰ সময়ৰ লগতে, মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত কভিড প্ৰটকল কঠোৰভাৱে পালন কৰা ইত্যাদি দিশ বোৰ পৰ্যবেক্ষণ কৰিব লাগিব বুলিও অসম চৰকাৰৰ নিৰ্দেশনাত উল্লেখ আছে।প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ হলেও অবশ্যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী উপস্থিত থকাটো সম্পুৰ্ণ ব্যক্তিগত বিষয়।কোনো শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব।
আনহাতে ৰাজ্যত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈয়ো পাঠদান ১৯ অক্টোবৰৰ পৰাই আৰম্ভ হব।উচ্চ প্ৰাথমিক বিদ্যালয়ৰসমূহৰ হোষ্টেল সমূহ পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত খোলা নহব বুলি চৰকাৰৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।বিদ্যালয়ত পাঠদান অনুষ্ঠিত হলেও বিদ্যালয়ৰ ভিতৰত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে।এটা শ্ৰেণীত একেসময়ত ৩০ জনতকৈ যাতে অধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিত নাথাকে সেই কথা নিশ্চিত কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে।নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ দৰে ৰাজ্যত নৱম,দশম,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো অক্টোবৰ মাহৰ পৰাই আৰম্ভ হব।নৱম শ্ৰেণীৰ পাঠদান ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ক্ৰমে ৬অক্টোবৰ আৰু ২০অক্টোবৰৰ পৰা আৰম্ভ হব।একাদশ শ্ৰেণীৰ পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ হব।বিদ্যালয়ত পাঠদান কৰা সকলো শিক্ষক কৰ্মচাৰীকে কভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *