সত্ৰীয়া সংস্কৃতি 

Share
তুষা ৰঞ্জন বৰা
যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
সত্ৰীয়া সংস্কৃতিক বুজাবলৈ বৈষ্ণৱ সংস্কৃতি,শঙ্কৰী সংস্কৃতি আদিৰ দৰে পৰিভাষাও ব্যৱহাৰ কৰা হয় যিবোৰ অৰ্থগত ফালৰ পৰা চাবলৈ গ’লে একেই অৰ্থপ্ৰকাশক হয়!ধৰ্ম আৰু ধৰ্মীয় ঐতিহ্যই ধৰ্মৰ লগত সংলগ্ন হৈ থকা উপাদানসমূহৰ বিকাশ ঘটায়! অসমত সত্ৰীয়া সংস্কৃতিৰ জন্ময়ো বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছিল!শংকৰদেৱৰ নামঘৰ,কীৰ্তনঘৰ তথা সত্ৰসমূহে বহুমূখী অনুদানলৈ ৰূপান্তৰিত হয়!ই কেৱল উপাসনা গৃহই নহয় বৰং এটি সামাজিক অনুষ্ঠান!এই সত্ৰসমূহক কেন্দ্ৰ কৰিয়েই বিভিন্ন সময়ত গীত,নাট,ভাওনা আদি অনুষ্ঠিত হৈ একতা আৰু সম্প্ৰীতিৰ বান্ধোন মজবুত কৰি তোলে! 
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিটোৰ প্ৰতিজনকে পৃথক পৃথক সাংস্কৃতিক অংশৰে চহকী কৰি থৈ গৈছে য’ত কোনোজন গায়ক,কোনোজন ভাৱৰীয়া আৰু কোনোজন গীতিকবি বা লিখক আদি! শ্ৰীকৃষ্ণৰ জীৱন আৰু কাৰ্যকলাপক কেন্দ্ৰ কৰি আৰু ভক্তিৰ মহত্বতাক প্ৰস্ফুটিত কৰি ভালেমান ধৰ্ম সংগীত ৰচনা কৰিলে! নববৈষ্ণব ধৰ্মৰ নেতাসকলে শংকৰ মাধৱৰ দৰে সাহিত্যৰ দৰে সংগীতকো প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল! সৰ্বভাৰতীয় নববৈষ্ণব আন্দোলনৰ লগত সম্বন্ধ ৰাখিবলগীয়া হোৱাত গীত আৰু আন নাট্য সাহিত্যত গহীন গধুৰ ভক্তিৰ ভাব প্ৰকাশৰ অৰ্থে গহীন অথচ মধুৰ ভাষা ব্ৰজাৱলীৰ সহায় ল’বলগীয়া হয়! শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ব্ৰজাবলী ভাষাত ৰচনা কৰা এই গীতবোৰকেই বৰগীত বুলি কোৱা হয়!  এককথাত বৰগীত হৈছে সত্ৰীয়া সংগীতৰ এক গুৰুত্বপূৰ্ণ অংশ! 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবে পঞ্চদশ শতিকাৰ শেষৰফালে অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত নৃত্যধাৰাটিয়েই হৈছে সত্ৰীয়া নৃত্য! নববৈষ্ণব ধৰ্ম প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে মহাপুৰুষজনাই এই নৃত্য ধাৰাটি গঢ়ি তুলিছিল! বৰ্তমান সত্ৰীয়া নৃত্য ভাৰতৰ শাস্ত্ৰীয় ধাৰাসমূহৰ অন্যতম এক স্বীকৃতিপ্ৰাপ্ত নৃত্যহিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে!  সত্ৰীয় নৃত্য হৈছে অসমৰ ক্লাছিক নৃত্য ৰূপ যি সত্ৰীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰে, অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক কাপোৰৰ আধাৰ। এইটো আঠটা প্ৰধান ধ্ৰুপদী ভাৰতীয় নৃত্য পৰম্পৰাৰ ভিতৰত এটা। আনহাতে শেহতীয়া অতীতত আন কিছুমান পৰম্পৰা পুনৰুজ্জীৱিত হৈছে, ১৫ শতিকাৰ অসমত মহান সাধু শ্ৰীমন্ত সংকাৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতাৰ দ্বাৰা সৃষ্টিৰ পিছৰ পৰা সক্ৰিয় এক জীৱন্ত পৰম্পৰা হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *