আটলাণ্টিকৰ বৰফ গলা ফলত হৈছে ভাৰতৰ জলবায়ু পৰিবৰ্তন । বিগত ৪২ বছৰে সংগৃহিত উপগ্ৰহৰ ছবিৰ অধ্যয়ন কৰি বিজ্ঞানীসকলে এই কথা দাবী কৰে যে , দ্ৰুত গতিত আটলাণ্টিক মহাসগৰৰ বৰফ গলাৰ ফলত ভাৰতত এফালে খৰাং আৰু আনফালে বানপানীৰ সৃস্টি হৈছে । ভাৰতৰ জলবায়ুৰ সৈতে আটলাণ্টিকৰ বৰফৰ সাদৃশ্য আৰু সংযোগ থকা বুলি বিজ্ঞানী সকলে দাবী কৰি কয় যে আটলাণ্টিকৰ বৰফ গলাৰ বাবে ভাৰতৰ জলবায়ুত বিৰোপ প্ৰভাৱ পেলাইছে । বৰফ গলাৰ ফলত পশ্চিম ভাৰতত বৃদ্ধি পাইছে বৰষুণৰ পৰিমান । আনহাতে , পূৰ্বোত্তৰ ভাৰতত ক্ৰমে কমি আহিছে বৰষুণৰ পৰিমাণ । ১৯৭৯ চনৰ পৰা ২০২১ চনলৈ উপগ্ৰহৰ দ্বাৰা সংগ্ৰহ কৰা ছবিসমূহ অধ্যয়ন কৰি বিজ্ঞানীসকলে লাভ কৰে এই তথ্য ।