আজি বিয়লি ৫:৩০ মিনিটত ৰাজভৱনৰ দৰবাৰ হলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সন্দীপ মেহতাই। ইয়াৰ পূৰ্বে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্ত আছিল। গুৱহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাৰ বাবে সন্দীপ মহেতাক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
সন্দীপ মেহতাই ১৯৮৬ চনত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।উল্লেখ্য যে, সন্দীপ মেহতাক যোৱা ১২ ফেব্ৰুৱাৰীত এক নিৰ্দেশনা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল।