গুৱাহাটী, ২৫ নৱেম্বৰঃ আজি নিশা ১:০৫ বজাত নতুন দিল্লীৰ ইন্দপস্থ এপল’ চিকিৎসালয়ত দীৰ্ঘদিন জটিল ৰোগত আক্ৰান্ত হৈ থকা যশস্বী কবি সনন্ত তাঁতীৰ মহাপ্ৰয়াণ ঘটে। অসমীয়া কাব্য জগত উকা কৰি ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যৰ উজ্জ্বল নক্ষত্র সনন্ত তাঁতিয়ে ।
১৯৫২ চনৰ ৪ নৱেম্বৰত অসমৰ কৰিমগঞ্জ জিলাৰ কালীনগৰ চাহ বাগিচাত সনন্ত তাঁতিয়ে জন্মগ্ৰহণ কৰিছিল।
ছাত্ৰাৱস্থাত তেওঁ কেইবাগৰাকী বিখ্যাত কবি সাহিত্যিকৰ সংস্পৰ্শলৈ আহিছিল আৰু ফলস্বৰূপে তেওঁ যুৱ অৱস্থাত কবিতাৰ প্ৰতি আকৃষ্ট হৈ কবিতা লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল । পৰৱৰ্তী কালত তেওঁ গভীৰ জীৱনবোধৰ কবিতা লিখি কাব্যপ্ৰেমীসকলৰ হৃদয়ৰ আমঠু হৈ পৰিছিল ।২০১৮ চনত তেওঁ”কাইলৈৰ দিনটো আমাৰ বাবে”শীৰ্ষক কাব্যসংকলন খনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল —উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (১৯৮১),মই মানুহৰ অমল উৎসৱ ( ১৯৮৫),নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( ১৯৯০),শব্দত অথবা শব্দহীনতাত (১৯৯৩),মৃত্যুৰ আগৰ ষ্টপেজত ( ১৯৯৬),টোপনিতো কেতিয়াবা বাৰিষা আহে (১৯৯৭),ধোঁৱা ছাইৰ সপোন (১৯৯৯),দীৰ্ণ বসন্তৰ সৌৰভ (২০০২),আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে ( ২০০৪),মই (২০০৮),মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (২০১০),কাইলৈৰ দিনটো আমাৰ হ’ব (২০১৩),মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে ( ২০১৭),’Selected Poems Sananta Tanty’ (২০১৭) আদি ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাঁতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । টুইটাৰযোগে তেওঁ লিখিছে, “সনন্ত তাঁতিৰ মৃত্যুৰ খবৰত দুঃখিত। সাহিত্য অকাডেমী বঁটা বিজয়ীৰ অসম কবিতালৈ আগবঢ়োৱা অৱদান চিৰদিনলৈ স্মৰণীয় হৈ থাকিব। আমি বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । ”
News source- Times8, pratidin Time