গুৱাহাটী,১২ ফেব্রুৱাৰীঃইতিমধ্যে , শেহতীয়াকৈ কৰ্ণাটকত হোৱা হিজাব বিতৰ্ক ঘটনাটিয়ে সমগ্ৰ দেশতে এক চাঞ্চল্যকৰ পৰিস্থিতিয়ে জোকাৰি যোৱা সময়তে দেশৰ আন আন চহৰতো হিজাব সন্দৰ্ভত নানা বিতৰ্কৰ উথাপন হোৱা পৰিলক্ষিত হৈছে । তেনে সময়তে উত্তৰ প্রদেশৰ আলিগড়ৰ সমাজবাদী পাৰ্টীৰ নেত্রী তথা মহানগৰ সমিতিৰ সভাপতি ৰুবিনা খানুমে কৰ্ণাটকত হোৱা হিজাব গোচৰ ঘটনাটিৰ সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য আগবঢ়াইছে । ৰুবিনা খানুমৰ মন্তব্য অনুসৰি , যিয়ে অথবা যিসকলে হিজাবৰ ওপৰত হাত লগাব , তেওঁ বা তেওঁলোকৰ হাত কাটি পেলাব । লগতে তেখেতে উল্লেখ কৰিছে যে , ভাৰতবৰ্ষ হৈছে এখন বৈচিত্রময় দেশ । বিভিন্ন ৰূপ – সজ্জা ,আ – অলংকাৰ ,ভিন্ন পোছাক ,এই সকলোবোৰ হৈছে সংস্কৃতি তথা পৰম্পৰাৰ একো একোটা অবিচ্ছেদ্য অংগ এনেধৰণৰ বিষয়ৰ ওপৰত ৰাজনীতি কৰি বিতৰ্ক সৃষ্টি কৰাটো হৈছে একপ্রকাৰ নিম্নখাপৰ চিন্তাধাৰা । প্রধানতঃ মহিলাসকলক দুৰ্বল বুলি হেয়জ্ঞান কৰাত ভূল নকৰিবলৈও আহ্বানমূলক মন্তব্য আগবঢ়াইছে । তেখেতে কৈছে – “যদি আমি ভগ্নী আৰু কন্যাসকলৰ আত্মসন্মানৰ ওপৰত হাত ৰাখো ,তেন্তে আমি ঝান্সি ৰাণী আৰু ৰেজিয়া চুলতানা হৈ তেওঁলোকৰ হাত কাটি পেলাম ।”
আনফালে, এই বিষয়টি সন্দৰ্ভত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয় – “দেশখন সংবিধানৰ নীতি ,আদৰ্শৰ দ্বাৰা পৰিচালিত হ’ব ,প্রতিটো সংগঠনৰে নিজস্ব পোছাক সংহিতা প্রস্তুত কৰাৰ অধিকাৰ আছে ।এই প্রণালীবোৰ সংবিধান অনুসৰি প্রযোজ্য হ’ব ।”
ইপিনে হিজাব বিতৰ্কৰ সদৰ্ভত ইছলামিক ছাত্রীসকলে কয় যে – হিজাব তেওঁলোকৰ ধৰ্মৰ অংশ ।সংবিধানে এজন লোকক তেওঁলোকৰ ধৰ্ম পালন কৰিব দিয়ে ।এই মুহুৰ্তত কৰ্ণাটক উচ্চ ন্যায়ালয়ত হিজাব সন্দৰ্ভত শুনানি প্রক্রিয়া চলিয়েই আছে ।
তদুপৰি , কৰ্ণাটকত ইছলামিক ছাত্রীসকলে হিজাব পৰিধান কৰাক কাৰ্য্যক লৈ যি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিতৰ্কিত বিষয়টিত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়োৱা অনুসৰি ,হিজাব বিতৰ্ক কংগ্ৰছৰ সৃষ্টি বুলি উল্লেখ কৰাৰ লগতে হিজাব পৰিধান কৰাৰ পৰিবৰ্তে ইছলাম ধৰ্মালম্বী ছাত্র – ছাত্রীক ডাক্তৰ – ইঞ্জিনিয়াৰ হ’বলৈ আহ্বান জনাইছে ।