উপ–নিৰ্বাচনক লৈ সাজু গেৰুৱা দল । পাচঁটা কৈ বিধানসভাৰ সমষ্ঠিৰ ভিতৰত দুটা সমষ্ঠিত বিজেপি মিত্ৰ জোঁট ইউপিপিএলক চিদলী আৰু অগপক বঙাইগাঁও এৰি দিয়াৰ পাচতেই তিনিটা সমষ্ঠি বিহালী ধলাই চামগুৰিক লৈ ন’ কম্প্ৰ’মাইজ মুডত বিজেপি । সেইয়ে চামগুৰিত সাংসদ ৰকিবুল হুছেইন ৰ্দগ খহাবলৈ ফিল্ডত নমাব বিচাৰিছে ৰাজ্যিক বিজেপিৰ এগৰাকী প্ৰভাবশালী নেতা দিল্পুৰঞ্জন শৰ্মাক । বিগত লোকসভা নিৰ্বাচনত কাজিৰঙা আৰু নগাঁও সমষ্ঠিত শৰ্মাৰ নাম চৰ্চাত আছিল যদিও থমকিব লগা হৈছিল । আনহাতে বিহালীত প্ৰাক্তন বিধায়ক সাংসদ পল্লবলোচন দাসৰ নাম চৰ্চাত আছে যদিও ৰঞ্জিত দত্তৰ পচন্দৰ কেবাগাৰাকীও নেতাৰ নাম চৰ্চাত আছে দিগন্ত থাটোৱাৰ , চমন শৰ্মা । ধলাই সমষ্ঠিত প্ৰথমে চৰ্চাত আছে পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উ९পল শুক্লবৈদ্যৰ । সোমবাৰে কইনাধৰাত নিৰ্বাচনি কমিতৰ এক বৈঠক অনুস্থিত হয় ।