হাতীৰ পিঠিত উঠি কাজিৰঙাত এছ জয় শংকৰ

Share

গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিবলৈ আহি কাজিৰঙা পালে বিদেশী অতিথিৰ দল।দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰায় ৪২খনকৈ দেশৰ প্ৰতিনিধিয়ে সোমবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যায়।হাতী চাফাৰীৰ লগতে জীপ চাফাৰীও উপভোগ কৰে তেওঁলোকে। উল্লেখযোগ্য যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব  এডভান্টেজ  আছামৰ দ্বিতীয় সংস্কৰণ।তেওঁলোকে পৰিদৰ্শন কৰাৰ পিছতেই আজি সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ঝুমুইৰ নৃত্য উপভোগ কৰিব আৰু ইয়াৰ পিছতেই ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ত উপস্থিত থাকিব বুলি সদৰি কৰে।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব লগা এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বহুকেইখন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে।এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰতিনিধিসকলৰ বাবে ইয়াৰ পূৰ্বে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।সেই মৰ্মে দেওবাৰে সন্ধিয়া যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত প্ৰতিনিধিৰ দলটো অৱতৰন কৰা পিছত নিশা গাড়ীৰে পোনে পোনে কাজিৰঙাত উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *