ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্পত ৰুচ সেনাৰ আক্ৰমণ

Share
ৰাছিয়াৰ সৈন্য বাহিনীবোৰে আজি পুৱাৰ ভাগত এনাৰহোজৰ মহানগৰত থকা জাপৰিজিয়া পাৰমাণৱিক শক্তিশালী প্ৰকল্পত আক্ৰমণ চলায় । ফলস্বৰূপে এই বৃহৎ প্ৰকল্পতটোত জুই লাগে । ইউক্ৰেইনৰ জৰুৰী সেৱাই অৱগত কৰায় যে, পুৱা ৬-২০ বজাত জুই নুমুৱাবলৈ সক্ষম হয় । এই আক্ৰমণত ৩ জন ইউক্ৰেইনী সৈন্য নিহত আৰু দুজন সৈন্য আহত হয় । দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেনেলস্কিয়ে ‘পাৰমাণৱিক সন্ত্ৰাস’ চলোৱা বুলি মস্কোক অভিযুক্ত কৰে । ইউক্ৰেইনৰ পাৰমাণৱিক পৰিদৰ্শক সকলে কয় যে পাৰমাণৱিক প্ৰকল্পতটো ৰুচ ফেডাৰেচনৰ সশস্ত্ৰ বাহিনীবোৰে দখল কৰিছে ।
জুই লগাৰ ফলত ক্ষতি হোৱা প্ৰকল্পটোৰ পৰা তেজষ্ক্ৰিয় বিকিৰণ হোৱা নাই। প্ৰকল্পটোৰ মুখপাত্ৰ এণ্ড্ৰিটুজে কয় যে, গেলাবোৰ প্ৰত্যক্ষভাৱে প্ৰকল্পটোত পৰে আৰু এটা ৰিয়েক্টৰৰ এটাত জুই লাগি যায় । ৰিয়েক্টৰটো বিকল আছিল যদিও তাৰ ভিতৰত পাৰমাণৱিক ইন্ধন আছে । ৰুছ সৈন্য বাহিনীবোৰে অহৰহ গুলি চালনা কৰাৰ বাবে ইউক্ৰেইনৰ সন্যই জুই নুমুৱাব পৰা নাছিল যদিও পাছত যাবলৈ সক্ষম হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *