নিউজ ডেস্ক, ২০ আগষ্টঃ ৰঙীন বিশ্বখনৰ সঠিক পোহৰ নেদেখা এজাক অসহায় মানুহৰ অবিস্মৰণীয় কাহিনী। বিশ্বত নিৰ্মিত সকলো বোলছবিৰ অভিনয়ৰ পৰিধি অতিক্ৰম কৰা এখন চিনেমা। শিৱসাগৰৰ এটা অঞ্চলৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰ স্পৰ্শ কৰাৰ যাত্ৰা আৰম্ভ কৰা এখন চুটি ছবি। জন্মগত অন্ধ অভিনেতা – অভিনেত্ৰীয়ে অভিনয় কৰা অসমীয়া চুটি ছবি অন্য এক পৃথিৱীয়ে মুক্তিৰ পূৰ্বেই এটাৰ পিছত আন এটা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৰূপক ভূঞাই নিৰ্মাণ কৰা চুটি ছবি `অন্য এক পৃথিৱী’ বিশ্বৰ প্ৰথমখন জন্মান্ধ লোকৰ দ্বাৰা অভিনীত চুটি কথাছবি ৰূপে সম্প্ৰতি বলিউড, হলিউডতো চৰ্চাৰ শীৰ্ষত।
শেহতীয়াকৈ বুদ্ধ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰি ‘অন্য এক পৃথিৱীয়ে’ শ্ৰেষ্ঠ ভাৰতীয় চুটি ছবি ৰূপে সন্মান লাভ কৰিছে।