APSC পৰীক্ষাত ১৪ নং স্থান দখল গহপুৰৰ ৰুবু বৰাৰ

Share

 

হঠাৎ পৰিয়ালত সুখৰ কান্দোন।জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ ল’ৰা ৰুবু  বৰা ।বিশ্বনাথ জিলাৰ গহপুৰৰ দিপৰা  মৰাণবাৰীত ঘৰ ৰুবুৰ।যোৱা ৫ ডিচেম্বৰত ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলত এচিএছ শাখাত ১৪ নং স্থান দখল কৰি চমক দেখুৱাই ৰুবু বৰাই।এই সাফল্য অৰ্জন কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰুবুয়ে। পিতৃ কলীয়া বৰাই তামোল পানৰ দোকান দি পৰিয়াল চলাই আৰু চিনু বৰা এজনী সাধাৰণ গৃহিনী ।আনৰ ঘৰত তাতঁ বৈ দুই এটকা যোগাৰ কৰে  মাতৃয়ে।৫ ডিচেম্বৰ,বৃহস্পতিবাৰে সাধাৰণভাবে দিন আৰম্ভ হৈছিল ৰুবুহতঁৰ ঘৰত।প্ৰত্যেক দিনাৰ দৰেই দেউতাকে বজাৰলৈ মোনাখনত তামোল লৈ ওলাই গৈছিল ।মাকে ঘৰৰ দৈনন্দিন কামত ব্যস্ত আছিল।সময় ২ বাজি হঠাৎ আহিল এটা সুখবৰ ।ঘৰত কান্দোনৰ ৰুণ।হঠাৎ যেন সলনি হ’ল সকলো।গহপুৰৰ ৰুবুৰ এই সাফল্য়ত সুখী পৰিয়াল।কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাছ কৰিছিল ৰুবুয়ে।অতি অভাৱ-অনাতনৰ মাজেৰে পঢ়া-শুনা কৰিছিল ৰুবুয়ে।কেতিয়াবা টিউচনৰ পইচাৰে ঘৰখন চলাইছিল ৰুবুয়ে।ৰুবুয়ে ACS হোৱালৈকে এনেদৰেই জীৱন সংগ্ৰাম চলাই নিছে মাক-দেউতাকে।বৰ্তমান গহপুৰৰ দিপৰা  মৰাণবাৰীত আনন্দৰ বন্য়া।ৰুবুই দেখুৱাই দিলে যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে।সকলোৰে আদৰ্শ হওক ACS ৰুবু বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *