গুৱাহাটী ,১৫ ফেব্রুৱাৰীঃ মহানগৰীৰ কালাপাহাৰ এলেকাৰ গোপীনাথ নগৰৰ অণু হাজৰিকা নামৰ বৃদ্ধাগৰাকীক নৃশংসভাৱে কৰা হত্যাকাণ্ডক লৈ তীব্র চাঞ্চল্যকৰ পৰিৱেশে ঘটনাটিৰ আন এক তথ্য পোহৰলৈ আহিছে । ধন -সম্পত্তিৰ বাবেই এনে হত্যাকাণ্ড সংঘটিত হোৱা বুলি নিশ্চিত হোৱাৰ পাছতে এই হত্যাকাণ্ডৰ আঁৰত এক ৰহস্যকৰ তথ্যৰ সম্ভেদ পোৱা গৈছে । হত্যাৰ আঁৰত থকা মূল নায়িকা হিচাপে চিনাক্ত হ’ল অণু হাজৰিকাৰ ঘৰত বনকৰা ছোৱালী ৰুবিনা বেগম ।প্রাপ্ত তথ্য অনুসৰি ,সৰুৰে পৰা অণু হাজৰিকাৰ ঘৰত ডাঙৰ -দীঘল হোৱা ৰুবিনাই শেষত ধন -সম্পত্তিৰ লোভত নিজৰ স্বামী আৰু দেওৰেকৰ সৈতে মিলি হত্যা কৰি থৈ যায় অণু হাজৰিকাক । লক্ষণীয় কথাটো হ’ল ,মূল হত্যাকাৰী তথা ৰুবিনাৰ স্বামী আচমদ আলীক বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে ঘটনাটিৰ মূল ৰহস্য ।
বহু পূৰ্বৰে পৰা হাজৰিকা পৰিয়ালত বনকৰা হিচাপে আছিল বঙাঁইগাঁৱৰ গোলাপী নামৰ এগৰাকী মহিলা । আৰু এই ৰুবিনাই হৈছে গোলাপীৰ সন্তান ।গোলাপীৰ পৰিয়ালটিৰ সৈতেও অণু হাজৰিকা পৰিয়ালটিৰ খুৱ এক ঘনিষ্ঠ সম্পৰ্কও আছিল ,য’ত ৰুবিনা নিজৰ সন্তানৰ দৰেই পালিত হৈছিল ৰুবিনা । মাতৃৰ পিছত ৰুবিনাই অণু হাজৰিকাৰ বনকৰা ছোৱালী হিচাপে থাকি গৈছিল ।ৰুবিনাক ইমানেই মৰম কৰিছিল যে য’লৈকে গৈছিল তালৈকেই অণু হাজৰিকাই লগত লৈ যোৱাৰ লগতে নিজৰ সন্তানৰ দৰেই সকলো ব্যয় বহন কৰি হত্যাকাৰী আচমদলৈ বিয়া দিছিল । আৰু সেই ৰুবিনাৰ পাকচক্রতেই প্রাণ বায়ু গ’ল অণু হাজৰিকাৰ । অণু হাজৰিকাৰ বৃহৎ পৰিমাণৰ ধন সম্পত্তিৰ লগতে আ – অলংকাৰ সকলো বিষয়ে জানিছিল ৰুবিনাই । ৰুবিনাই নিজৰ স্বামীৰ সৈতে দেওৰেক বাহৰুলৰ লগত মিলি হত্যাৰ ষড়যন্ত্র কৰা বুলি ইতিমধ্যে আৰক্ষীয়ে সকলো তথ্য লাভ কৰিবলৈ সক্ষম হৈছে । কিদৰে অণু হাজৰিকাক হত্যা কৰা হৈছিল । পূৰ্ব অহাৰ দৰেই তিনিও হত্যাৰ আগদিনা গুৱাহাটীলৈ আহি অণু হাজৰিকাৰ গেষ্ট হাউছত আছিল আৰু তাত পিছদিনা বিছনাৰ তলতে উদ্ধাৰ হৈছিল অণু হাজৰিকাৰ মৃতদেহ । হত্যাকাৰী আচমদ আলীক গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীৰ জেৰাত ওলাই পৰিছে সমগ্ৰ তথ্য ।আৰু অতি সোনকালে দুয়োগৰাকী দুৰ্বৃত্তকে
গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে মহানগৰ আৰক্ষীয়ে ।