ছয়গাঁৱত অসম দৰ্শন আঁচনিৰ অধীনত ৫২ টা নামঘৰলৈ ২.৫ লাখকৈ টকা প্ৰদান

Share

ছাদ্দাম হুছেইন,৩০ছেপ্তেম্বৰঃ যোৱাকালি ছয়গাঁৱত বিধায়ক ৰেকিবুদ্দিন আহমেদে অসম দৰ্শন আঁচনিৰ অধীনত ৫২ টা নামঘৰলৈ ২.৫ লাখকৈ টকাৰ চেক প্ৰদান কৰিলে।

বিধায়ক গৰাকীয়ে দক্ষিণ কামৰূপৰ ছয়গাঁও উন্নয়ন খণ্ড,বনগাঁও আৰু গৰৈমাৰী উন্নয়ন খণ্ড অন্তৰ্গত মুঠ ৫২ টা নামঘৰক অসম দৰ্শন আঁচনিৰ অধীনত অৰ্থ সাহায্য প্ৰদান কৰে।

এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। লগতে বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে ছয়গাঁও ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱাল, অঞ্চলটোৰ বিশিষ্ট বহু ব্যক্তি আৰু ৫২ টা নামঘৰৰ বিষয়ববীয়া সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *