আই পি এলৰ ৫০ সংখ্যক মেচ খেলিবলৈ সাজু ৰিয়ান পৰাগ

Share

অসম সন্তান ৰিয়ান পৰাগ আই পি এলৰ ৫০ সংখ্যক মেচ খেলিবলৈ সাজু। আই পি এলৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ সৈতে অসমৰ সম্পৰ্ক আজিৰ নহয়, বহু পুৰণি। ৰাজস্থানৰ জয়পুৰস্থিত এই দলটোৰ চেয়াৰমেন হৈছে অসমৰ সন্তান ৰঞ্জিত বৰঠাকুৰ।বিগত চাৰি বছৰৰ  পূৰ্বে  এই দলটোত  যোগদান দিয়া ৰিয়ান পৰাগ বৰ্তমান এই দলটোৰ বাবে হৈ পৰিছে অন্যতম  নিৰ্ভৰযোগ্য খেলুৱৈ।এই সময়ত অসম হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ বাবে দ্বিতীয় ঘৰ। অহা ৫ এপ্ৰিলত গুৱাহাটী বৰ্ষাপাৰাত অভিলেষ ঘটাব ৰাজস্থান ৰয়েলছৰ লগতে দুই অসম সন্তানে। 

উল্লেখযোগ্য যে, আগন্ত্তক অনুষ্ঠিত হবলগীয়া খেলখনত অসমৰ দুই সন্তানৰ এজন থাকিব বাহিৰত আৰু অন্য জন থাকিব ২২ গজত। ৰঙালী বিহুৰ প্ৰাকক্ষণত নিজ গৃহভূমিত অসমৰ দুই সন্তানৰ বাবে এক বৃহৎ দিন।৮ এপ্ৰিলৰ দিনটো ৰিয়ানৰ বাবে হৈ পৰিব স্মৰণীয়। 

২০১৯ ছিজনত আই পি এলত আত্মপ্ৰকাশ কৰা ৰিয়ানে এই পৰ্যান্ত লৈকে মুঠ ৪৭খন মেচ খেলিছে। এইবাৰৰ ৪৮ সংখ্যক মেচখন খেলিব হায়দৰাবাদত, ৪৯ আৰু ৫০ সংখ্যক মেচখন গুৱাহাটীত। ৫০ সংখ্যক মেচখন গৃহৰ চহৰ, চিনাকি ষ্টেডিয়াম আৰু ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিব পৰাটো ৰিয়ানৰ বাবে হৈ পৰিব বৃহৎ কৃতিত্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *