ৰাইজিং ভাৰত ২০২৫ৰ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়নৰ ক্ষেত্ৰত বিলম্বৰ উদাহৰণ দিলে বগীবিল দলংৰ কথা।ৰাইজিং ভাৰত ছামিটত অসমৰ বগীবিল দলংৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।মোডীয়ে কয় যে বাজপেয়ীৰ আমোলত আৰম্ভ হৈছিল এই দলংৰ কাম। কিন্ত পিছৰ চৰকাৰে কোনো ধৰণৰ কাম নকৰিলে এই দলংখনৰ।২০১৪ চনৰ পুনৰ বিজেপি চৰকাৰে কাম কৰিলে।৪ বছৰ পিছত ২০১৮ চনত মুকলি হ’ল এই বগীবিল দলংখন।লগতে ৰাইজিং ভাৰত ছামিটত মুদ্ৰা লোনৰ প্ৰসংগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।মোডীয়ে কয় যে বিগত ১০ বছৰ মুদ্ৰা লোনৰ আঁচনিৰ জৰিয়তে ৫২ কোটি লোকক লোন দিয়া হৈছে।এই আঁচনিৰ ফলত ১১ কোটি লোকে প্ৰথমবাৰৰ বাবে উপাৰ্জন লাভ কৰিছে।ৰাইজিং ভাৰতত প্ৰথম দিনটোত মূল ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, ‘আমি বিংশ শতিকাৰ ৰাজনীতিৰে একবিংশ শতিকাৰ প্ৰজন্মক বোজা দিব নোৱাৰো।ৱাকফক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ শিপা তুষ্টিকৰণৰ ৰাজনীতিত।মোদীয়ে লগতে কয় যে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু ৱাকফ আইনক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ ভেটিত আছে তুষ্টিকৰণৰ ৰাজনীতি। বিৰোধীক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয় যে ২০১৩ চনত ৱাকফ আইন সংশোধনীৰ লক্ষ্য আছিল মুছলমান মৌলবাদী আৰু ভূ-মাফিয়াক সন্তুষ্ট কৰা।ইয়াৰ পিছতেই ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ৱাকফ আইনখন ভয়ৰ কাৰণ হৈ পৰিছিল। এতিয়া ই সকলোৰে বাবে, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকসকলৰ বাবে মৰ্যাদা নিশ্চিত কৰিছে। সমগ্ৰ সমাজৰ স্বাৰ্থত, মুছলমান সম্প্ৰদায়ৰ স্বাৰ্থত এই আইনখন প্ৰণয়ন কৰাৰ বাবে দেশৰ সংসদক অভিনন্দন জনাইছোঁ।’