৬ মে’ত ঘোষণা হ’ব ৫১ হেজাৰটা পদৰ নিযুক্তিৰ ফলাফল

Share

বিগত সময়ছোৱাত অনুস্থিত হোৱা চৰকাৰী বিভিন্ন বিভাগৰ পৰীক্ষাৰ ফলাফল অহা ৬ মে’ত ঘোষণা কৰা হ’ব । দেওবাৰে ওদালগুৰি জিলাৰ পানেৰীত অনুস্থিত হোৱা এক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। মুঠ ৫১, ৩৯৭ টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল  ঘোষণা কৰা হ’ব। তৃতীয় শ্ৰেণীৰ ১১,৩৪৬ টা আৰু চতুৰ্থ শ্ৰেণীৰ ১৪,২৮১ টা পদৰ লগতে ৰাজ্যৰ আৰক্ষী আৰু বন বিভাগৰ ৫,৭৩০টা, স্বাস্থ্য বিভাগৰ ৫,৭৯৯টা , শিক্ষা বিভাগৰ ১৪,২৪১টা পদৰ পৰীক্ষাৰ ফলাফল ৬মে’ত  একেলগে ঘোষণা কৰা হ’ব। 

উল্লেখযোগ্য যে, পূৰ্বে অসম চৰকাৰে ৪২,৬০০টা পদত নিযুক্তি প্ৰদান কৰিছিল। ইয়াৰ সমান্তৰালকৈ এতিয়া ৫১,৩৯৭ টা পদত নিযুক্তি দিলে সৰ্বমুঠ ৯৪,০০০ টা পদত নিযুক্তি দিয়া হ’ব। 

অহা ১০ মে বা ২০ মে’ৰ ভিতৰত ৰাজহুৱা সভাৰ জৰিয়তে খানাপাৰা বা সৰুসজাই ষ্টেডিয়ামত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰা হ’ব বুলি বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।   

Leave a Reply

Your email address will not be published. Required fields are marked *