ঘোষণা হ’ল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ অনুত্তীৰ্ণ পৰীক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ এক বিশেষ বাৰ্তা

Share

আজি পুৱা ১০ বজাৰ লগে লগে মাধ্যমিক শিক্ষা পৰিষদ অসম (ছেবা)ৰ অধীনত ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ছেবাই মুকলি কৰা ১০ টাকৈ ৱেবছাইটত ঘোষণা কৰা হয় আজিৰ এই ফলাফলসমুহ। এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ৪,১৫,৩২৮ জন শিক্ষাৰ্থী  অৱৰ্তীণ হয় । ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় মুঠ ৩০১৮৮০ গৰাকী ছাত্ৰ -ছাত্ৰী। মুঠ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৯৮,৯১৩ জন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ১,৪৮,৫৭৩ জনে দ্বিতীয় বিভাগ আৰু ৫৮,৩৯৮ জনে তৃতীয় বিভাগ লাভ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ° হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক এক বিশেষ টুইটযোগে অভিনন্দন জনায়। শিক্ষাৰ্থীসকলক পৰীক্ষা যোদ্ধা বুলি অভিহিত কৰি  মুখ্যমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জনায় আৰু লগতে ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰে। তেওঁ টুইটাৰত উল্লেখ কৰি লিখে, ভাল প্ৰদৰ্শন কৰা সকলো #ExamWarriors ক অভিনন্দন। কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীলৈ নহয়, পৰীক্ষাত ভাল ফলাফল কৰিব নোৱাৰা পৰীক্ষাৰ্থীলৈও মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰে এক বিশেষ বাৰ্তা। তেখেতে টুইটত লিখে, ‘এটা পৰীক্ষাই আপোনাৰ  কেৰিয়াৰ বনাব বা ভাঙিব নোৱাৰে। সফলতা হৈছে কঠোৰ পৰিশ্ৰমৰ ফল’।  টুইটযোগে মুখ্যমন্ত্ৰীয়ে আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকল উদ্দেশ্যি কয়, বিফলতা কেতিয়াও জীৱন বাটৰ হেঙাৰ স্বৰূপ হব নোৱাৰে। বিফলতাই আৰু অধিক জীৱনত আগুৱাই যোৱাত সহায়হে কৰে। সেয়েহে  অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকো  পুনৰ ন উদ্যেমেৰে শিক্ষা জীৱনত আগবাঢ়ি যাবলৈ তেওঁ এক শুভেচ্ছা বাৰ্তাৰে উৎসাহিত কৰে । 

Leave a Reply

Your email address will not be published. Required fields are marked *