ছেৱাৰ ৱেৱছাইটযোগে ঘোষণা কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাৰ ফলাফল

Share

২৬ হাজাৰ নিযুক্তিৰ পৰীক্ষাক লৈ বহু চৰ্চা ,বহু উতকন্ঠা। তাৰ মাজতে আহিল আন এক খবৰ।এই সপ্তাহৰ ভিতৰতে ঘোষণা হোৱাৰ সম্ভাৱনা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাৰ ফলাফল। শেহতীয়া সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৯ অক্টোবৰত প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱলা অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল।

কিন্তু এই পৰ্যন্ত ফলাফল প্ৰকাশৰ তাৰিখ আৰু সময় সন্দৰ্ভত কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই অসম মাধ্যমিক শিক্ষা ব’ৰ্ডে। ফলাফলৰ দিনা www.sebaonline.org অফিচিয়েল ৱেৱছাইটৰ জৰিয়তে প্ৰাৰ্থীসকলে লাভ কৰিব ফলাফল।লিংকটোত ক্লিক কৰি পঞ্জীয়ন নম্বৰ , জন্মৰ তাৰিখেৰে লগ ইন কৰি লাভ কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষাৰ ফলাফল।

Leave a Reply

Your email address will not be published. Required fields are marked *