সমষ্টি পুনৰ নিৰ্ধাৰণঃ কৰ্তন হ’ল বহু বাঘা বাঘা নেতাৰ সমষ্টি

Share

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰখমখন খচৰা আজি প্ৰকাশ কৰা হয়।  ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনত ৰাজ্যৰ বহু সংখ্যক সমষ্টিৰ সাল-সলনি কৰা হৈছে ।  অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ ধাৰা ৮ ত উল্লেখ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। বিধানসভাত ২৪টা সমষ্টি বিলোপ কৰি ২৪টা নতুনকৈ গঠন কৰা হৈছে। লগতে লোকসভাত ৩ টা সমষ্টি বিলোপ কৰি ৩টা নতুনকৈ সমষ্টি গঠন কৰা হৈছে। প্ৰস্তাবিত লোকসভা নতুন সমষ্টি আৰু বিধানসভাৰ নতুন সমষ্টিৰ তালিকা ক্ৰমে-

প্ৰস্তাৱিত লোকসভা নতুন সমষ্টি- দৰং, কাজিৰঙা, শোণিতপুৰ

প্ৰস্তাৱিত বিধানসভাৰ নতুন সমষ্টি- দতমা, বাওখুংগৰী, গোৱৰ্ধনা, বাক্সা (ST), মাণিকপুৰ, মন্দিয়া, ৰূপসী, বজালী, টিহু, ভেৰগাঁও, টংলা, ছমৰীয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী, ডিমৰীয়া (SC), ৰংখাং (ST), আমৰি (ST), নৰসিংপুৰ (SC), বিন্নাকান্দি, ৰঙানদী, চিচিবৰগাঁও, মাকুম, পবৰ্তঝৰা, ডিমৌ 

ইফালে  অসমত নতুন সমষ্টি গঠন কৰাৰ লগতে বিলুপ্ত হয় কেইবাখনো বিধানসভা সমষ্টি। বিলুপ্ত  হোৱা বিধানসভা সমষ্টি ক্ৰমে- বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, কোকৰাঝাৰ পশ্চিম(ST), কোকৰাঝাৰ পূব(ST), সৰভোগ, পাটাছাৰকুছি, জনীয়া, বাঘবৰ, সৰুক্ষেত্ৰী, ছয়গাঁও, ধৰ্মপূৰ, বৰমা (ST), চাপাগুৰি (ST), পানেৰী, কলাইগাঁও, ধিং, যমুনামুখ, আমগুৰি, বৈঠালাংছ’(ST), গুৱাহাটী পূৱ, গুৱাহাটী পশ্চিম, থাওৰা, লাহোৱাল, ধলাই (SC)। নতুনকৈ সংৰক্ষিত ST সমষ্টি কেইখন হল, পশ্চিম গোৱালপাৰা, ৰংখাং, আমৰি, বাক্সা, বকো আৰু তামলপুৰ। নতুনকৈ সংৰক্ষিত SC সমষ্টি কেইখন হল,  হাজো , বৰপেটা, ডিমৰীয়া, নাওবৈচা, নৰসিংপুৰ আৰু বিহালী। 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত হোৱা ব্যাপক সাল-সলনিত কোন মন্ত্ৰী-বিধায়কে হেৰুৱাব নিজৰ সমষ্টি ?

পাটাছাৰকুছি : ৰণজিত কুমাৰ দাস
সৰুক্ষেত্ৰী : জাকিৰ হুছেইন শিকদাৰ
ছয়গাঁও : ৰেকিবুদ্দিন আহমেদ
পূব গুৱাহাটী : সিদ্ধাৰ্থ ভট্টাচার্য
পশ্চিম গুৱাহাটী : ৰমেন্দ্ৰ নাৰায়ণ কলিতা
লাহোৱাল : বিনোদ হাজৰিকা
থাওৰা : সুশান্ত বৰগোহাঁই
আমগুৰি : প্ৰদীপ হাজৰিকা
ধলাই : পৰিমল শুক্লবৈদ্য
পাথাৰকান্দি : কৃষ্ণেন্দু পাল
কাটলিচেৰা : সুজামুদ্দিন লস্কৰ
ধিং : আমিনুল ইছলাম
ধৰ্মপুৰ : চন্দ্ৰমোহন পাটোৱাৰী
বৈঠালাংছ’ : ৰূপসিং টেৰাং
জনিয়া : ৰফিকুল ইছলাম
হাওৰাঘাট : দৰসিং ৰংহাং
বৰমা : ভূপেন বড়ো
ছাপাগুৰি : ইউ জি ব্ৰহ্ম
পানেৰী : বিশ্বজিৎ দৈমাৰী
কলাইগাঁও : দুৰ্গাদাস বড়ো
কোকৰাঝাৰ পশ্চিম : ৰবিৰাম নাৰ্জাৰী
কোকৰাঝাৰ পূব : লৰেঞ্চ ইছলাৰী
বাঘবৰ : শ্বেৰমান আলী আহমেদ
সৰভোগ : মনোৰঞ্জন তালুকদাৰ
বিলাসীপাৰা পূব : চামচুল হুদা
বিলাসীপাৰা পশ্চিম : হাফিজ বচিৰ আহমেদ কাছিমী
অভয়াপুৰী দক্ষিণ : আব্দুল বাতেন খণ্ডকাৰ
অভয়াপুৰী পশ্চিম : প্ৰদীপ সৰকাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *