গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ

Share

গণতন্ত্ৰ দিৱসত নতুন দিল্লীৰ কাৰ্তাভিয়া পথত যাত্ৰা কৰিব লগা ৯৫ জনীয়া ফৰাচী ফৰেইন লিজিয়ন দলৰ অংশ হ’ব ছয়জন ভাৰতীয় আৰু ছয়জন নেপালী।এই বছৰ পেৰেডত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।মংগলবাৰে দ্বিতীয় বিদেশী পদাতিক ৰেজিমেণ্টৰ ইউনিট কামাণ্ডাৰ কেপ্টেইন নোয়েল লুইছে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে-ফৰাচী মাৰ্চিং দলটোৰ সৈতে এটা ৩৩ জনীয়া ফৰাচী সামৰিক বেণ্ড থাকিব। “ইয়াত উপস্থিত হৈ আনন্দ আৰু সন্মান ৰখা হৈছে আমি ইতিমধ্যে দুটা প্ৰশিক্ষণ লৈছো, সেয়েহে আমি গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা উচিত”৷ইয়াৰ লগতে তেঁও কয় যে-দুখন ৰাফেল যুঁজাৰু বিমান আৰু এটা এয়াৰবাছ-৩৩০ মাল্টি-ৰোল টেংকাৰ পৰিবহন ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ এয়াৰচিফাফ্ট ফ্লেপাষ্টৰ অংশ হ’ব।দিল্লীৰ মুখ্য কৰ্মচাৰী মেজৰ-জেনেৰেল সুমিত মেহতাই কয়-২৬ জানুৱাৰীত পেৰেডত প্ৰথমবাৰৰ বাবে এক উন্নত ৰেডিঅ’ ফ্ৰিকুৱেন্সি নিৰীক্ষণ প্ৰণালী ড্ৰোন জেমাৰ আৰু মজলীয়া দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ মিছাইল প্ৰদৰ্শন কৰা হ’ব৷ লগতে তেওঁ এই কথা সদৰি কৰে যে সৰ্বমহিলা ত্ৰি-সেৱাৰ দল এটাও প্ৰথমবাৰৰ বাবে পেৰেডত অংশগ্ৰহণ কৰিব। দলটোত সেনাৰ কৰ্পছ অফ মিলিটাৰী পুলিচ, নৌ-সেনা আৰু বায়ু সেনাৰ মহিলা কৰ্মী থাকিব ৷ ২০২৩ বৰ্ষৰ ফ্ৰান্স- বাষ্টেইল দিৱসৰ পেৰেডত মূখ্য অতিথি হিচাপে উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷মোডী উপস্থিত হোৱাৰ পিছতেই এই পেৰেডত ২৪২ জন ভাৰতীয় ত্ৰি- সেনাই অংশগ্ৰহণ কৰিছিল,আৰু এই পেৰেডখন অনুষ্ঠিত হয় ফ্ৰান্সৰ দলচেম্পছ-এলিজ নামৰ এখন ঠাইত ৷ লগতে ভাৰতীয় বায়ু সেনাৰ ৰোফেল জেটসমূহেও এই ফ্লাই-পাষ্টত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *