পুনৰ অভি-নীলৰ পুনৰাবৃত্তি ! সোপাধৰাৰ সন্দেহত নীৰিহৰ প্ৰাণ ল’লে ৰাইজে

Share
গুৱাহাটী,১ছেপ্তেম্বৰঃগোগামুখৰ চেতিয়া গাওঁৰ নিবাসী এজন নিৰপৰাধী লোক গোলাপ বৰুৱাক জোনাইত সোপাধৰাৰ সন্দেহত এদল লোকে মৰিয়াই মৰিয়াই হত্যা কৰে। 
   উল্লেখ্য যে, তেওঁ সেই ঠাইলৈ অহা কাৰণ উন্মত্ত ৰাইজৰ সন্মুখত উল্লেখ কৰে যদিও সেই কথা গুৰুত্বহীন কৰি লোকজনক নিষ্ঠুৰ ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে আৰু সেই  প্ৰহাৰত অৱশেষত প্ৰাণ হেৰুৱায় লোকজনে লগতে মৃতদেহৰ ওপৰত ভৰি থৈ লোকজনৰ মৃত্যু হৈছে নে নাই চোৱা হয় ।
   তদুপৰি উজনি অসমৰ বিভিন্ন ঠাইত এইকেইদিন সোপাধৰাজনিত অন্ধবিশ্বাসৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে লগতে এনে সময়তে তাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *