কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু বাৰ্ষিকীত স্মৰণ

Share

আজি ২০ জুন। সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ৫৪ সংখ্যক মৃত্যু বাৰ্ষিকী। প্ৰতিবছৰে  ২০ জুন তাৰিখে  ৰাজ্যজুৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যু বাৰ্ষিকীত “ৰাভা দিৱস”  পালন কৰা হয়। ১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা ২.২৫ বজাত তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। 

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা তথা মুক্তি যুঁজাৰু। ১৯০৯ চনৰ ৩১ জানুৱাৰীৰ দিনা বাংলাদেশৰ ঢাকাত তেখেতৰ জন্ম হৈছিল। গোপাল চন্দ্ৰ ৰাভা আৰু গেঠীৱালা ৰাভাৰ পুত্ৰ   বিষ্ণুপ্ৰসাদ ৰাভা দেৱ সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। তেওঁ সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেখেত বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে।  তেখেতে লিখা গীতসমূহক ৰাভা সংগীত বুলিও কোৱা হয়। 

অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল।

উল্লেখ্য যে, ৰাজনৈতিক জগততো তেওঁ এসময়ত খোজ পেলাইছিল। ১৯৫৫ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু এই নিৰ্বাচনত তেওঁ জয়ী হ’ব নোৱাৰিলে। ইয়াৰ পিছত ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। কলকাতাৰ ভিক্টোৰিয়া কলেজত পঢ়ি থকাৰ সময়তে বিপ্লৱী শিল্পীগৰাকীয়ে ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগদান কৰে আৰু দেশৰ স্বাধীনতা আন্দোলনত নামি পৰে। 

 আজি মহান শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱসৰ আয়োজন কৰা হৈছে।  ৰূপে ৰসে গানে অসমী আইক উজলোৱা এইগৰাকী মহান ব্যক্তিক সশ্ৰদ্ধ স্মৰণ।    

Leave a Reply

Your email address will not be published. Required fields are marked *