২২ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ১২ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ

Share

নিউজ ডেস্কঃ ২২ ছেপ্টেম্বৰত যুৱক-যুৱতীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত,  স্বাস্থ্য,  গৃহ , গ্ৰামোন্নয়ন , শিক্ষা বিভাগ আৰু লোকনিৰ্মাণ আদি বিভাগত নিযুক্তি প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব।

এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত লোকনিৰ্মাণ বিভাগত ২৫৬ গৰাকী সহকাৰী অভিযন্তা , ৫,২০০ প্ৰাৰ্থী গৃহ বিভাগৰ অধীনত পৰিদৰ্শক আৰু কনিষ্টবল পদত নিযুক্তি প্ৰদান কৰিব। জনতা ভৱনত আয়োজিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *