হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনঃ পৰীক্ষণ, ষষ্ঠ স্থানত শিৱসাগৰৰ প্ৰাৰ্থনা দত্ত, দশম স্থানত ছিপাঝাৰৰ অবিনাশ চহৰীয়া

Share

গুৱাহাটী, ১৬ জুলাইঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনঃ পৰীক্ষণ। দুগৰাকী শিক্ষাৰ্থীৰ স্থান লাভ। শিৱসাগৰৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্ত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়। ছিপাঝাৰৰ উচ্চতৰ মাধ্যমিক  আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়া দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰাৰ্থনা দত্তই সমাজ বিজ্ঞানত ১০০, গণিতত ১০০, ভূগোলত ১০০, ইংৰাজীত ৯৮, অসমীয়াত ৯৬ আৰু সাধাৰণ বিজ্ঞানত ৬৭ নম্বৰ লাভ কৰে সৰ্বমুঠ ৫৬১ লাভ কৰি ৯৩.৫ শতাংশৰে উত্তীৰ্ণ হৈছিল। কিন্তু নিজৰ ওপৰত আত্মবিশ্বাসী মেধাৱী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত লাভ কৰা নম্বৰৰ ওপৰত বিশ্বাস নহৈ পুনৰ বহী পুনঃ পৰীক্ষণ কৰিবলৈ ছেবালৈ আৱেদন জনায়। পিছত ছেবাৰ সদস্যই ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মেধাবী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰি অসমৰ ষষ্ঠ কৰাৰ বিষয়ে অবগত কৰি ছাত্ৰীগৰাকীক অভিনন্দন জনাই লগতে মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণ- পত্ৰ প্ৰদান কৰে। কিছু পলমকৈ  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলত আন এক সুখবৰে আনন্দিত কৰি তোলে ছিপাঝাৰত। প্ৰমাণ পত্ৰত মেট্ৰিক পৰীক্ষাত দশম স্থান লাভ কৰিছে। ছিপাঝাৰৰ উচ্চতৰ মাধ্যমিক  আৰু বহুমুখী বিদ্যালয়ৰ অবিনাশ চহৰীয়া। মেট্ৰিক পৰীক্ষাৰ বহী পুনৰীক্ষণ পাছতে পোহৰলৈ আহে প্ৰকৃত ফল । অবিনাশ চহৰীয়াৰ সৰ্বমুঠ  ৫৮৮ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয়।

কিন্তু কাৰ ভুলৰ বাবে এই দুগৰাকী মেধাবী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলৰ দিনা এই আনন্দৰ পৰা বঞ্চিত হ’ব লগা হয়। এয়া এক বিচাৰ্যৰ বিষয়। 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *