জনমূৰি আয়ৰ ক্ষেত্ৰত ২২ নম্বৰত অসম। ২৫খন ৰাজ্যৰ ভিতৰত ৫ লাখ ৮৭ হাজাৰ ৭৩৪ বছৰি জনমূৰি আয়ৰে শীৰ্ষত আছে ছিকিম। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বুধবাৰে কাজিৰঙাত এক সংবাদমেল আয়োজন কৰি অসমৰ অৰ্থনৈতিক অৱস্থাৰ এখন ভয়াৱহ ছবি দাঙি ধৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত ‘হেণ্ডবুক অব ষ্টেটিছটিক অন ইণ্ডিয়ান ষ্টেটছ ২০২৩-২০২৪’ ত প্ৰকাশ পাই এই তথ্য পাই বুলি উল্লেখ কৰে অখিল গগৈয়ে। সংবাদমেলত অখিল গগৈয়ে কয়,’ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ ঘোষণা কৰিছে যদিও সেয়া যে মাত্ৰ ভেঁকোভাওনাহে সেয়া ইতিমধ্য প্ৰমাণ হৈছে । কাৰণ পাঁচখন ৰাজ্য বাদেই দেশৰ দহখন উন্নত ৰাজ্যৰ ভিতৰতো নাই অসম। জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২২ নম্বৰত আছে অসম।‘ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এই তথ্যত কেইখনমান ৰাজ্যৰ তথ্য ঘোষণা কৰা নাই, কিন্তু প্ৰকাশ কৰা তথ্যমতে উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিম ২৫ খন ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে। ছিকিমৰ জনমূৰি বছৰি আয় হৈছে ৫ লাখ ৮৭ হাজাৰ ৭৩৪ টকা। ৪লাখ ৬১ হাজাৰ ৯১০ টকা জনমূৰি আয়ৰে দ্বিতীয় স্থানত আছে দিল্লী। আনহাতে, তৃতীয় স্থানত থকা তেলেংগানাৰ জনমূৰি বছৰি আয় ৩লাখ ৫৬হাজাৰ ৫৬৪ টকা। কিন্তু অসমৰ জনমূৰি বছৰি আয় মাত্ৰ ১লাখ ৩৫ হাজাৰ ৯১০ টকা। গগৈয়ে এই সংবাদমেলতে উল্লেখ কৰে যে ২০১৬লৈ ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি, হিমন্ত চৰকাৰৰ তিনি বছৰত ৬১,১৯১ কোটি টকা হৈ গৈ। ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰতো অসম ১৬ স্থানত আছে। উৎপাদনমূলক কোনো ধৰণৰ পৰিকল্পনা নকৰি কেৱল ভোটবেংকৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰাটোৱেই হিমন্তবিশ্ব শৰ্মাৰ মূল চিন্তা বুলিও উল্লেখ কৰে গগৈয়ে। কেৱল পুজিপতিৰ স্বাৰ্থৰ পৰিবৰ্তে চৰকাৰখনে সঁচা অৰ্থত জনগণৰ মূৰৰ ওপৰত ঋণৰ বুজা দিয়াটো অতিকৈ লজ্জাজনক বুলি উল্লেখ কৰে অখিল গগৈয়ে। তেখেতে এই কথাও কয় যে, ঋণ পৰিশোধ কৰিবলৈ অসমৰ জনগণৰ ওপৰত হিমন্তবিশ্ব শৰ্মা চৰকাৰে নিত্য-নতুন কৰ-কাটল লগাইছে। যাৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাবৰ বাবো জনগণক মাৰবান্ধি ওলাই আহিবলৈ অখিল গগৈয়ে আহ্বান জনায়।