ৰাজ্যসভা নিৰ্বাচন : মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

Share

অহা ৩১ মাৰ্চত অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্যে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে দুয়োখন আসনতে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । এখন আসনত বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে আনখন আসনত মিত্ৰদেৱ ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে দ্বিতীয়খন আসনৰ বাবে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । 

আজি মিত্ৰজোঁট প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা – ৰণগৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বহুকেইগৰাকী মন্ত্ৰী , বিধায়ক ।

Leave a Reply

Your email address will not be published. Required fields are marked *