গুৱাহাটী, ৩১ মাৰ্চঃ আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচন। অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ বিধানসভাৰ চেণ্ট্ৰেল হলত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পিছত বিয়লি ৫ বজাত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ভোটদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসক-বিৰোধীৰ কেইবাজনো বিধায়ক উপস্থিত হৈছে বিধানসভাত।
উল্লেখ্য যে, অসমৰ পৰা খালী হোৱা দুয়োখন আসনৰ বাবে মুঠ তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।প্ৰথমখন আসনত শাসকীয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।ইতিমধ্যে প্ৰথমখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে যদিও দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু বিৰোধীৰ মাজত তীব্ৰতৰ যুঁজ হ’ব।