দুদিনীয়া কাৰ্যসূচী লৈ অসম- অৰুণাচল ভ্ৰমণ ৰাজনাথ সিঙৰ

Share

উত্তৰ- পূৰ্বাঞ্চলত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত উপস্থিত হৈ নিশাটো তাতেই কটায়, মঙলবাৰে অৰুণাচলত উপস্থিত হয়।মঙলবাৰে অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত হৈ চীনা আগ্ৰাসন ৰোধ কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলত যাতায়তৰ সৈতে জড়িত ২৮ প্ৰকল্প মঙলবাৰে মুকলি কৰা হয়।প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মুকলি কৰা ২৮ টা প্ৰকল্পৰ ভিতৰত আছে ১০০ মিটাৰ দৈৰ্ঘ্যৰ চিয়াং জিলাৰ শ্বিয়ম দলং। এই আটাইকেইটা প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে ৭২৪.৩ কোটি টকা।

উত্তৰ পূৰ্বাঞ্চলত শেহতীয়াকৈ যাতায়ত ব্যৱস্থাৰ সৈতে জড়িত বহু কেইটা বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰাৰ লগতে বহুতৰে নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আজি অৰুণাচল প্ৰদেশত ২৮ টাকৈ প্ৰকল্প মুকলি কৰিব।

উল্লেখযোগ্য যে বিশেষকৈ চীনা আগ্ৰাসন ৰোধ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰি যাতায়তৰ বাবে সূচল কৰি তোলাটো অতি প্ৰয়োজন। 

Leave a Reply

Your email address will not be published. Required fields are marked *