৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত উচ্চ ন্যায়ালয়ত ৰাজকন্যা বৰুৱাৰ জামিন

Share

গুৱাহাটী, ১০ মাৰ্চ  : ক’ভিড প্ৰটকলত জাৰি কৰা নৈশ সান্ধ্য আইনৰ সময় চোৱাত গুৱাহাটী মহানগৰীত সুৰাপান কৰি তীব্ৰ গতিত গাড়ী চলাই মডেল ৰাজকন্যা বৰুৱাই ৰাজপথত খুন্দিয়াই গুৰুতৰ ভাৱে ৮ জনকৈ শ্ৰমিকক আহত কৰা অপৰাধৰ আৰোপত ভাৰতীয় দণ্ডবিধি ২৭৯/৩৩৮/২৯৮/৩৫৩ ধাৰাৰ আধাৰৰ ভিত্তিত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত পাঁচ মাহে  বন্দী হৈ আছিল ৰাজকন্যা৷সূত্ৰ অনুসৰি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰে আদালতত ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে৷ উল্লেখযোগ্য যে প্ৰথমে দিছপুৰ আৰক্ষীয়ে আৰোপী মডেল ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা পূৰ্বেই জামিন লাভ কৰিছিল । তাৰ পিছৰ পৰ্য্যায়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে আকৌ ৩৬১৯/২০২১ নম্বৰ গোচৰ ৰজু কৰি পুনৰ  কৰিছিল গ্ৰেপ্তাৰ অপৰাধী ৰাজকন্যা বৰুৱাক৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *